তেজপুৰঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয় বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মাথোঁ কিছুদিন পূৰ্বে স্বাস্থ্যমন্ত্ৰীয়ে চিকিৎসালয়খনত অতৰ্কিতে অভিযান চলাই ৬৬ গৰাকী কৰ্মচাৰীৰ এদিনৰ দৰমহা কৰ্তন কৰাৰ লগতে অধ্যক্ষসহ কেইবাজনকো নিলম্বিত কৰাত চিকিৎসালয়খনলৈ যেন এক পৰিৱৰ্তন আহিল।
তেজপুৰৰ ৰাইজে স্বাস্থ্য মন্ত্ৰী গৰাকীৰ এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাইও সন্তুষ্টি প্ৰকাশ কৰি নৱনিযুক্ত অধ্যক্ষ ডাঃ ৰাজেন্দ্ৰ কুমাৰ কলিতাক ২৪ জুলাইত সাক্ষাত কৰি আদৰণি জনায়।