তেজপুৰঃ শোণিতপুৰৰ বালিপৰাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতিবাদত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট৷ বালিপৰাৰ কেন্দ্ৰস্থলত বালিপৰা ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু মণ্ডল কংগ্ৰেছৰ সহযোগত দিনৰ ১১ বজাৰপৰা দুঘণ্টীয়া অৱস্থান কৰি তেজপুৰৰপৰা বালিপৰা হৈ জামুগুৰি পৰ্যন্ত ঘাইপথৰ মেৰামতিৰ কাম ক্ষীপ্ৰতাৰে কৰি ৰাইজৰ চলাচলৰ উপযোগী কৰাৰ দাবী জনায়৷

প্ৰতিবাদস্থলীত বালিপৰাৰ ৰঙাপৰা ব্লক মণ্ডলৰ বিষয়ববীয়াৰ লগতে প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতী উপস্থিত থাকি আজি কোপতি পথটি মেৰামতি নকৰাকলৈ ৰঙাপৰা সমষ্টিৰ বিধায়ক পল্লৱলোচন দাস আৰু তেজপুৰৰ সাংসদ আৰপি শৰ্মাক সমালোচনা কৰাৰ লগতে অতি শীঘ্ৰে পথটি মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়।