অপুৰ্ব বৰা, তেজপুৰঃ তেজপুৰ সমষ্টিৰ অন্তৰ্গত বেচেৰিয়া, মিলনপুৰ, ডিপোটা অঞ্চল এতিয়া সম্পূৰ্ণ বিধ্বংসী বানৰ কবলত। এই অঞ্চল সমূহৰ ৰাইজ যথেষ্ট কষ্টত আছে, যথেষ্ট ক্ষতিসাধন হৈছে। ক্ষতিগ্ৰস্থ হোৱা সম্পূৰ্ণ অঞ্চল সমূহ পৰিদৰ্শন কৰা তথা ক্ষয় ক্ষতিৰ বুজ লওঁতাৰ কাৰো সময় নায়।
বুঢ়া চাপৰি অভয়াৰণ্যৰপৰা খাদ্যৰ সন্ধানত উলাই অহা এটা সুগৰি পহু তেজপুৰৰ ন আলি ৰাজপথত দুৰ্ঘটনাত পতিত হৈ আঘাট প্ৰাপ্ত অৱস্থাত উদ্ধাৰ হয়। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ বাবে বুঢ়াচাপৰিৰ জীৱ-জন্তুবােৰৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।