29
Jun
2019

তেজপুৰ, অপুৰ্ব বৰাঃ যোগান বিভাগৰ অধীনত হোৱা নিবিদাত অনিয়মৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে৷ পশ্চিম তেজপুৰ আঞ্চলিকৰ সভাপতি ভাস্কৰ পটংগীয়াৰ এই অভিযোগ কৰে।
তেজপুৰত ভাৰতীয় খাদ্য নিগমৰ নিবিদাক লৈ ভয়ংকৰ অনিয়মৰ অভিযোগ। তেজপুৰস্থিত খাদ্য আৰু যোগান বিভাগৰ অধীনত হোৱা এই নিবিদাত অনিয়মৰ বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই৷
তথ্য জনাৰ অধিকাৰ আইনৰ ভিত্তিত আহৰণ কৰা তথ্যত জিএছটি অবিহনে নিবিদা লাভ কৰা বুলি উল্লেখ কৰে পশ্চিম তেজপুৰ আঞ্চলিকৰ সভাপতি ভাস্কৰ পটংগীয়াই। শুকুৰবাৰে শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভা কক্ষত এক সংবাদ মেলৰ জৰিয়তে জিলা উপায়ুক্তক সমগ্ৰ ঘটনাৰ এক উচিত তদন্ত কৰাৰ দাবী জনায় নেতাগৰাকীয়ে৷