তেজপুৰঃ তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই বুধবাৰে কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বি জে পিয়ে ৮০ শতাংশ আসন লাভ কৰিব বুলি দাৰী কৰে।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কোনো মন্ত্ৰী-বিধায়কৰ পৰিচয়েবৰে ‘মই অমুক মন্ত্ৰীৰ মানুহ, মই তমুক বিধায়কৰ মানুহ’ আদি পৰিচয়েৰে কোনো কাম হাচিলৰ চেষ্টা নকৰিবলৈ দলায় কৰ্মীসকলক আহ্বান জনায়। তেওঁ লগতে কয় যে সকলোৱে বি জে পি কৰ্মী হিচাপে চিনাকি দিব লাগে।
অসুস্থতাৰ বাবে দীৰ্ঘদিন ধৰি সংবাদ মাধ্যমৰপৰা আঁতৰত থকা ৰাম প্ৰসাদ শৰ্মাই সুস্থ হৈ আহি তেজপুৰত কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বি জে পিয়ে অ গ পৰ লগত একেলগে অৱতীৰ্ণ হ’লে কিছু লাভৱান হ’ব যদিও দলটোৱে অকলেও ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব।
151
previous post