তেজপুৰঃ যি সময়ত ভাৰতবৰ্ষত হিন্দু-মুছলমানৰ মাজত বৰ্ধিত হাৰত ভেদাভেদৰ ৰাজনৈতিক বীজ সিঁচি দিয়া হৈছে থিক সেই সময়তেই অসমত এখন বিয়াই বিশেষ চৰ্চা লাভ কৰিছে৷ শোণিতপুৰ জিলাৰ সদৰ চহৰ তেজপুৰত মুছলমান সম্প্ৰদায়ৰ এগৰাকী যুৱতীক এটি হিন্দু পৰিয়ালে তালি-তুলি ডাঙৰ দীঘল কৰি মঙলবাৰে বিয়াৰ দিন থিক কৰে৷
এটি অতি দৰিদ্ৰ পৰিয়ালৰ মুছলমান যুৱতীক সৰুৰে পৰা ডাঙৰ কৰি মুছলমানৰ প্ৰথাৰে এগৰাকী মুছলমান যুৱকৰ সৈতে বিয়া দিব ওলোৱা খবৰে ছচিয়লে মিডিয়াত হিন্দু আৰু মুছলমানক লৈ বাকযুদ্ধ কৰা সকলক উচিত শিক্ষা দিব বুলি কব পাৰি৷