newsnextoneতেজপুৰঃ তেজপুৰ বিশ্ববিদ্যালয়ত আজি এজন ছাত্ৰ মৃতদেহ উদ্ধাৰ হোৱাত বিশ্ববিদ্যালয়খনত এক চাঞ্চল্যকৰ পৰিবেশে বিৰাজ কৰে।বিশ্ববিদ্যালয়ৰে চি ভি ৰমণ হোষ্টেলত উদ্ধাৰ হোৱা মৃত ছাত্ৰজনৰ নাম কংকন কলিতা বুলি জানিব পৰা গৈছে।কংকন কলিতাৰ ঘৰ যোৰহাটৰ গড়মৰাত।বিশ্ববিদ্যালয়খনৰ আন আন ছাত্ৰ-ছাত্ৰী সকলৰ পৰা জানিব পৰা মতে ছাত্ৰজন দীৰ্ঘদিন ধৰি অসুস্হ হৈ আছিল।
উল্লেখযোগ্য যে যোৱা ৩ তাৰিখৰ পৰা বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগসমূহত অনুষ্ঠিত হৈ থকা পৰীক্ষাত(test-2)ছাত্ৰজনে ৩ আৰু ৪ তাৰিখ এই দুয়োটা দিনতে পৰিক্ষাস্থলীত উপস্হিত থাকে কিন্তু ৫ তাৰিখ অৰ্থাৎ শুকুৰবাৰৰ দিনা পৰীক্ষাত অনুপস্থিত থকাৰ বাবে বিভাগীয় প্ৰবক্তা এজনে ছাত্ৰজনলৈ বহুবাৰ ফোন যোগে যোগাযোগ কৰিবলৈ প্ৰয়াস কৰে যদিও কোনো উত্তৰ নোপোৱাত হোষ্টেলত ৱাৰ্ডেনলৈ ফোন কৰি ছাত্ৰজনৰ খৱৰ লবলৈ জনায়।