তেজপুৰঃ ৰাজ্যৰ আন আন ঠাইৰ লগতে আজি পুৱাৰে পৰা তেজপুৰতো আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহন ৷ শোণিতপুৰ জিলাখনৰ ৯১৯ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটগ্ৰহনৰ বাবে সাজু হৈছে প’লিং বিষয়া প্ৰিজাইডিং বিষয়াকে ধৰি আৰক্ষী বিষয়া তথা জোৱান সকল ।ইতিমধ্যেই ভোটগ্ৰহন কেন্দ্ৰসমুহত ভোটগ্ৰহন আৰম্ভ হৈছে৷
উল্লেখযোগ্য যে, শোণিতপুৰ জিলাৰ ১৯ খন জিলা পঞ্চায়তৰ বিপৰীতে ৬২ গৰাকী, ৭ খন আঞ্চলিক পঞ্চায়তৰ বিপৰীতে ২১৮ গৰাকী, ৮২ খন গাঁও পঞ্চায়ত সভাপতি আসনৰ বিপৰীতে ২৪৯ গৰাকী আৰু গাঁও পঞ্চায়ত সদস্য পদত ১৯১৫ গৰাকীসহ সৰ্বমুঠ ২৪৪৪ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।