newsnextone.com | ডিজিটেল ডেস্কঃ থাইলেণ্ডৰ এটা গুহাত আবদ্ধ হৈ থকা ১২ গৰাকী শিশু ফুটবল খেলুৱৈ আৰু তেওঁলোকৰ ফুটবল প্ৰশিক্ষকক উদ্ধাৰৰ সময়ত বৃহস্পতিবাৰে আন এক দুৰ্ঘটনা সংঘটিত হয়৷ উদ্ধাৰৰ বাবে যোৱা উদ্ধাৰকাৰী দলৰ এজন প্ৰাক্তন নেভী ছীল কমাণ্ডোৰ গুহাৰ পৰা অভটি অহাৰ পথত অক্সিজেনৰ অভাৱত মৃত্যু ঘটে৷
উদ্ধাৰ অভিযান চলাই থকা হৈছে যদিও প্ৰতিকূল বতৰৰ বাবে অভিযানত ব্যাঘাত জন্মা বুলি জানিব পৰা গৈছে৷ বতৰ বিভাগে দুদিন পিছত সেই অঞ্চলত প্ৰচণ্ড বৰষুণৰ আগজাননী প্ৰদান কৰিছে৷