গুৱাহাটীঃ অসমৰ অন্যতম ইংৰাজী ভাষাৰ প্ৰচলিত দৈনিক বাতৰি কাকত দ্য আছাম ট্ৰিবিউন কাকতৰ পৰিচালন সঞ্চালক প্ৰফুল্ল গোবিন্দ বৰুৱাক সোমবাৰে দেশৰ ৰাষ্ট্ৰপতিয়ে পদ্মশ্ৰী বঁটাৰে সন্মান যাচে। দ্য আছাম ট্ৰিবিউন কাকতৰ হোতা তথা ৰাধাগোবিন্দ বৰুৱাৰ পুত্ৰ প্ৰফুল্ল গোবিন্দ বৰুৱাক দেশৰ কেইবাগৰাকী বিখ্যাত লোকৰ সন্মুখত এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে।
গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক বাতৰি কাকত দ্য আছাম ট্ৰিবিউন প্ৰফুল্ল গোবিন্দ বৰুৱাৰ নেতৃত্বতে বহু বছৰ পৰা চলি আহিছে। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক প্ৰচলিত আৰু চৰ্চিত বাতৰি কাকত বুলি কোৱা হয় দ্য আছাম ট্ৰিবিউনক। ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে সাহিত্য, শিক্ষা, সাংবাদিকতাৰ ক্ষেত্ৰত প্ৰফুল্ল গোবিন্দ বৰুৱাক পদ্মশ্ৰী বঁটা প্ৰদান কৰে।