বিশেষ ছ’চিয়েল মিডিয়া প্ৰতিবেদনঃ হঠাৎ ছ’চিয়েল মিডিয়া ভৰি পৰিল অশ্ৰু-অঞ্জলিৰে। সকলো মৰ্মাহত। অথচ কোনেও তেওঁক কাষৰ পৰা দেখা নাছিল। সকলোৱে ইস-আস কৰি উঠিছে। মৃত্যুৰ কোলাত ঢলি পৰিবলৈ বয়সনো কিমান হৈছিল? মাত্ৰ ২৮ বছৰ। কিন্তু মহামাৰীৰ সমুখত ডাঙৰ-সৰু বুলি কোনো কথা নাই। সেয়ে পোষ্ট ক’ভিডত শনিবাৰে নিশা এই পৃথিৱীক চিৰ বিদায় জনালে কোনেও নেদেখা, কোনেও এষাৰ মাত দি নোপোৱা অচিনাকি হৈয়ো চিনাকি ছোৱালীজনীয়ে।
সকলোকে এনেদৰে শোকৰ অথাই সাগৰত পেলাই থৈ যোৱা এই ছোৱালীজনীয়েই হৈছে ডাঃ সুকৃতি চৌধুৰী। নামটো যিদৰে সুকৃতি তেওঁৰ কামবোৰো তেনেকুৱাই আছিল। কাকো এষাৰিও বেয়াকৈ কৈ পোৱা নাছিল সুকৃতিয়ে। কোনোৱে দোভাগ নিশা ফেচবুকৰ মেছেঞ্জাৰত মেছেজ কৰি সমস্যাৰ কথা সুধিলেও তপৰাই সুন্দৰকৈ উত্তৰ দিছিল সুকৃতিয়ে। ফেচবুকৰ ভিন্ন গ্ৰুপ আৰু পেজত সুকৃতিয়ে কেৱল ভাল ভাল কথাবোৰেই লিখিছিল। হত্যা-হিংসা, মহামাৰীৰে ভৰি থকা এই পৃথিৱীত বহুজনৰ বাবে সুকৃতিয়ে সহজ-সৰল আৰু শুৱলা ভাষাৰে অসমীয়াতে লিখা ফেচবুক পোষ্টসমূহ আছিল সঞ্জীৱনী সদৃশ।