ডিজিটেল ডেস্কঃ ট্ৰেফিক নিয়মৰ বাবে দেশৰ সৰহভাগ লোকৰে প্ৰাণ ৰক্ষা কৰাত সহায় কৰে৷ দিনক দিনে জনসংখ্যা বৃদ্ধি পোৱাৰ সমানে সমানে যান-বাহনৰ সংখ্যাও বৃদ্ধি পাই আহিছে৷ চাৰিচকীয়া বাহনৰ সুৰক্ষাৰ বাবে চিটবেল্টৰ সুবিধা দিয়াৰ দৰে দুচকীয়া বাহনৰ যাত্ৰীৰ বাবে হেলমেট পিন্ধাটো অনিবাৰ্য কৰি দিছে আইনে৷
কিন্তু আইনৰ নিয়ম উলংঘা কৰি নিজকে প্ৰকৃত পুৰুষ বুলি প্ৰমাণ দিবলৈ যোৱা হায়দাৰাবাদৰ এজন যুৱকক ট্ৰেফিক আইনে যি শিক্ষা দিলে সিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ বাইক আৰোহী এজনে হেলমেট পৰিধান নকৰাকৈ বাইক চলাই গৈ আছিল৷ চকুত পৰিল যান-বাহন আৰক্ষীৰ।