গুৱাহাটীঃ মহানগৰীত চলিছে চোৰৰ উপদ্ৰৱ৷ বিহুৰ বতৰত ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলায় সন্ত্ৰাস৷ মঙলবাৰে নিশা মহানগৰীৰ হেঙেৰাবাৰীৰ কালীমন্দিৰৰ সমীপৰ ত্ৰিৰংগা পথত থকা জিন্টু কাকতি নামৰ লোকজনৰ বাসগৃহত চোৰ প্ৰৱেশ কৰে৷ নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে অভিযান চলাই বহু সোণৰ আ-অলংকাৰৰ লগতে কেইবাপদো মূল্যবান সামগ্ৰী লুটি লৈ যায়৷ 

ইফালে জিন্টু কাকতিৰ ঘৰত ভাড়াতীয়া হিচাপে থকা সাংবাদিক মন্টু কুমাৰ শইকীয়াৰ ঘৰতো চোৰে প্ৰৱেশ কৰি কেইবাপদো মূল্যবান সামগ্ৰীৰ লগতে নগদ ৪৫০০ টকা লুট কৰি নিয়ে৷ নিশা দুয়োখন ঘৰৰ পৰিয়ালে হেঙেৰাবাৰীত বিহুৰ অনুষ্ঠান উপভোগ কৰিবলৈ যাওতেই চোৰে এই কাণ্ড সংঘটিত কৰে৷ ইফালে জানিব পৰা মতে কিছুদিন পূৰ্বেও জিন্টু কাকতিৰ ঘৰত চোৰে লুটপাত চলাইছিল৷

নিশা বিহু চাই ঘৰলৈ উভটি আহি পৰিয়াল দুটাই চোৰৰ উপদ্ৰৱৰ কথা গম পাই দিশপুৰ আৰক্ষীক খবৰ দিয়াত নিশাই জিন্টু কাকতিৰ ঘৰত আৰক্ষী উপস্থিত হৈ ঘটনাৰ পৰ্যবেক্ষন কৰে আৰু তদন্ত আৰম্ভ প্ৰক্ৰিয়া কৰিছে৷