newsnextone.com | গুৱাহাটীঃ মৰিগাঁও জিলাৰ জাগিৰোডত এটি থলুৱা ভাষাৰ নিউজ ৱেব পৰ্টেলৰ কাৰ্যালয়ত চুৰি কাণ্ড সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, তিৱা ভাষাৰ Pharew News নামৰ ৱেব পৰ্টেলটোৰ কাৰ্যালয়ত যোৱা ১২ মে’ৰ সন্ধিয়া ৭ বজাত চুৰি কাণ্ড সংঘটিত হয়৷ 

কাৰ্যালয়টোৰ পৰা মোবাইল হেণ্ডচেট, লেপটপ, কম্পিউটাৰ সহ বিভিন্ন সামগ্ৰী চোৰে নিয়া বুলি জানিবলৈ দিয়ে ৱেব পৰ্টেলটোৰ প্ৰতিষ্ঠাপক অজয় পাটৰ হোকাইয়ে৷ জাগিৰোড পুলিছ কলনীস্থিত ৱেব পৰ্টেলৰ কৰ্যালয়টোত চুৰি কাণ্ড সংঘটিত হোৱাৰ পিছতে আৰক্ষীক এজাহাৰ দিয়ে যদিও ঘটনাক আৰক্ষীয়ে গুৰুত্ব প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে৷

আনহাতে, কেইগৰাকীমান উদীয়মান যুৱকে একত্ৰিত হৈ হাতৰ ধন ভাঙি প্ৰায় ৬ মাহ পূৰ্বে এই অনুষ্ঠানটো আৰম্ভ কৰিছিল৷ চোৰে সকলো সামগ্ৰী নিয়াত ১২ মে’ৰ পৰা ৱেব পৰ্টেলটোৱে বাতৰি প্ৰকাশ কৰিব পৰা নাই৷ বিভিন্ন জনগোষ্ঠীৰ ভাষাৰ লগতে তিৱা ভাষাও যাতে বিশ্বত সমাদৰ লাভ কৰে তাৰ বাবে চেষ্টা চলাই গৈছিল যুৱক কেইজনে৷ একাংশ লোকে সন্দেহ কৰা মতে ৱেব পৰ্টেলটোৱে কম সময়ৰ ভিতৰতে নিৰপেক্ষ বাতৰি প্ৰকাশ কৰি একাংশ লোকৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল৷ newsnextone.comৰ সহযোগী অনুষ্ঠান আছিল PharewNews৷