ডিজিটেল ডেস্কঃ অৱশেষত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল এজন চোৰ৷ অৱশ্যে সাধৰণ চোৰ নহয় তেওঁ, কিয়নো এইজন চোৰৰ গুণানুকীৰ্তন কৰা লোকৰ অভাৱ নাই৷ ইৰফান নামৰ এই চোৰজনে দিল্লীৰ কেইবাটাও অঞ্চলত চোৰ কৰি বহু লোকৰ নিদ্ৰা হৰণ কৰিছিল৷ 

কিন্তু সেই ধনেৰে তেওঁ বিহাৰৰ সীতামড়ী জিলাৰ এখন গাঁৱত কেইবাটাও মানৱ কল্যাণৰ কাম কৰিছে৷ দৰিদ্ৰতাৰ বাবে বহু বিবাহ উপযুক্ত কন্যা বিয়া হ’ব পৰা নাছিল৷ ইৰফানে কেইবাগৰাকীও তেনে যুৱতীক বিয়াৰ বাবে সাহায্য আগবঢ়াইছে৷ 

তদুপৰি উক্ত গাঁৱত কেইবাটাও চিকিৎসাৰ শিবিৰ অনুষ্ঠিত কৰিছে এই মহান চোৰগৰাকীয়ে৷ এই কাৰ্যৰ দ্বাৰা গাওঁবাসীৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে ইৰফান৷ 

আৰক্ষীয়ে ইৰফানক গ্ৰেপ্তাৰ কৰাত প্ৰতিবাদ সাব্যস্ত কৰিছে গাওঁখনৰ লোকসকলে৷ গাঁৱত ইৰফানক এগৰাকী ডাঙৰ ব্যৱসায়ী বুলি ভাবি আহিছিল সকলোৱে৷ 

আনহাতে আৰক্ষীয়ে প্ৰকাশ কৰিছে যে চহৰত এক অত্যন্ত চৌখিন জীৱন কটায় ইৰফানে৷ তেওঁৰ আছে কেইবাখনো দামী গাড়ী৷ তদুপৰি সুন্দৰী নাৰীৰ সান্নিধ্যৰো অভাৱ নাই ইৰফানৰ৷ 

শেহতীয়াকৈ ভোজপুৰি চলচিত্ৰ জগতৰ অভিনেত্ৰীৰ লগত ঘনিষ্ঠ সম্বন্ধ হৈ পৰিছে এই দামী চোৰজনৰ৷ উক্ত অভিনেত্ৰীগৰাকীৰ আগত নিজকে ব্যৱসায়ী বুলি পৰিচয় দিছিল ইৰফানে৷ একেবাৰে যেন কোনো চলচিত্ৰৰ খলনায়কৰ দৰেই জীৱন ইৰফানৰ৷                        

উল্লেখ্য যে চিচিটিভিৰ ফুটেজৰ সহায়ত চোৰজনক ইৰফান বুলি নিশ্চিত কৰা হয়। অশিক্ষিত ইৰফানে কয় যে চোৰ তেওঁ সদায় অকলেই কৰি আহিছে৷ কাৰো সহায় লোৱা নাই।