একে ঠাইত একেলগে তেৰগৰাকী স্বাধীনতা সংগ্ৰামীয়ে প্ৰাণ বিসৰ্জন দিয়া ঘটনা। এই ঘটনা সংঘটিত হৈছিল অসমৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত। কাইলৈ ঐতিহাসিক ঘটনাটোৰ ৭৮ বছৰ সম্পূৰ্ণ হ’ব যদিও শ্বহীদসকলে আজিও নাপালে ৰাষ্ট্ৰীয় স্বীকৃতি। সমগ্ৰ বিষয়টোক সামৰি সাংবাদিক নাৰায়ণ ফয়েলৰ এক প্ৰতিবেদন।
♦ ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰৰ দিনা কেইবা শতাধিক লোকে সমদল কৰি গৈ ঢেকীয়াজুলি থানাৰ সমুখত উপস্থিত হৈছিল। পুলিচৰ বাধা নেওচি তেওঁলোক থানা চৌহদত প্ৰৱেশ কৰে আৰু বৃটিছৰ ইউনিয়ন জেক নমাই ত্ৰিৰংগ পতাকা উৰুৱাবলৈ অগ্ৰসৰ হয়। থানা চৌহদত প্ৰৱেশ কৰিয়েই সংগ্ৰামী মনবৰ নাথে বৃটিছৰ ইউনিয়ন জেক নমাই ত্ৰিৰংগ পতাকা আঁৰি দিয়াৰ চেষ্টা কৰে কিন্তু বৃটিছ পুলিচ ববাহিনীয়ে প্ৰতিবাদী জনতাৰ ওপৰত গুলীচালনা কৰে। নিহত হয় মনবৰ নাথ। তাৰপিছতে ইজনৰ পিছত সিজনকৈ বহুলোক গুলীবিদ্ধ হয়।