গুৱাহাটীঃ ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অব বডি বিল্ডিং এণ্ড ফিটনেচ (মাদ্ৰিদ, স্পেইন) অলিম্পিক কাউঞ্চিল অব এছিয়াৰ উদ্যোগত ১৩, ১৪ আৰু ১৫ অক্টোবৰত মু্ম্বাইত অনুষ্ঠিত হ’ব এক মেগা ইভেন্ট। 

মুম্বাইত অনুষ্ঠিত হ’বলগীয়া এই মেগা ইভেন্টত অসমৰ তিনিগৰাকী শৰীৰচৰ্চাবিদে অংশগ্ৰহণ কৰিব৷ শনিবাৰে এক সংবাদমেলযােগে এই কথা প্ৰকাশ কৰে সদৌ অসম শৰীৰচৰ্চা সন্থাই৷ 

শৰীৰচৰ্চাবিদ মিষ্টাৰ ইণ্ডিয়া খিতাপ অৰ্জন কৰা বিজিত গগৈৰ তত্বাৱধনাত ৰাজ্য খনৰ শৰীৰচৰ্চাবিদ গোলাপ বৰা, কুশল চাংমাই অাৰু অভিজিত দাসে এই ব্যয় বহুল মেগা ইভেন্টত অংশ গ্ৰহণ কৰাৰ সুবিধা পোৱাটো অসমৰ বাবে গৌৰৱ বুলি কয় অসম শৰীৰচৰ্চা সন্থাৰ কাৰ্য্যকৰী সভাপতি প্ৰতুল কুমাৰ বৰাই৷ 

পৰবৰ্তী সময়ত এই মেগা ইভেন্টৰ বাবে অাৰু দুজন শৰীৰচৰ্চা বিদৰ নাম অন্তৰ্ভুক্ত হ’ব বুলিও জানিবলৈ দিয়ে বৰাই। শনিবাৰে হোটেল ‘শলীন গ্ৰেন্ড’ত এক সংবাদমেল যোগে এইকথা প্ৰকাশ কৰাৰ লগতে অাগন্তুক দিনত অসমৰ যুৱক-যুৱতী সকলক শৰীৰচৰ্চাৰ ক্ষেত্ৰত অধিক অাগ্ৰহী অাৰু সচেতন কৰি তোলাৰ বাবে গুৰুত্ব দিয়া হ’ব বুলি কয় কাৰ্য্যকৰী সভাপতি প্ৰতুল কুমাৰ বৰাই। 

ৰাজ্যখনৰ শদিয়াৰ পৰা ধুবুৰীলৈ শৰীৰচৰ্চাৰ বাবে সজাগতা তথা সচেতনতা বৃদ্ধি কৰিযুৱ প্ৰজন্মক শৰীৰ চৰ্চাৰ বাবে অাগ্ৰহী কৰি তুলিব পাৰি তাৰ বাবে সদৌ অসম শৰীৰচৰ্চা সন্থা তৎপৰ হৈ পৰা বুলিও উল্লেখ কৰে সংবাদমেলত। 

স্বাস্থ্য সন্মত শৰীৰ চৰ্চা যোগে সুস্থ মানসিকতা লাভ কৰিব পাৰি আৰু শৰীৰ চৰ্চা সন্দৰ্ভত মানুহক সজাগ কৰাৰ বাবে শৰীৰ চৰ্চাৰ এখন আলোচনী প্ৰকাশ কৰা হব বুলিও উল্লেখ কৰে সংগঠনটোৱে৷