ধনশিৰিঃ জন্মু-কাশ্মীৰত যোৱা ১৮ আৰু ১৯ ছেপ্তেম্বৰত যুগা চছাইটী অব্ কাশ্মীৰৰ উদ্যেগত অনুষ্ঠিত হোৱা দ্বিতীয় আন্তঃ ৰাজ্যিক যুগা স্পৰ্টছ চেম্পিয়ন শ্বিপ ২০১৭ৰ প্ৰতিযোগিতাত সাফল্য বুটলিবলৈ সক্ষম হৈছে ধনশিৰি মহকুমাৰ বৰপথাৰ, সৰুপথাৰৰ তিনি গৰাকী খেলুৱৈয়ে।
উল্লেখ্য যে, ৱৰ্ল্ড যুগা ডেভল্পমেন্ট ছচায়টি, ইন্টাৰনেশ্বনেল ফেডাৰেশ্বন অব্ যুগা স্পৰ্টছ সমিতিৰ স্বীকৃতিপ্ৰাপ্ত এই প্ৰতিযোগিতাখনত মহকুমাটোৰ বৰপথাৰৰ গেলাবিল নিবাসী দৃষ্টিপ্ৰিয়া বৰাই ১০ বছৰ বয়সৰ তলত আৰ্টিষ্টিক আৰু ট্ৰেডিশ্বনেল বিভাগত তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে আৰু সৰুপথাৰৰ খনিকৰ গাঁৱৰ অশোক শইকীয়াৰ পুত্ৰ শংখনীল শইকীয়াই ১০ বছৰৰ পৰা ১৩ বছৰ বয়সৰ ট্ৰেডিশ্বনেল শাখাত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।