69
চাবুৱাঃ ১৪ঘণ্টাৰ বাবে সম্ভ্ৰান্ত পৰিয়ালৰ আলহী হ’ল বনৰ বাঘ৷ পাহৰ-ভৈয়াম, হাবি-জংঘল তহিলং কৰি জীৱ-জন্তুৰ আশ্ৰয়স্থলীত মানুহে ঘৰ বান্ধি আশ্ৰয় লোৱাৰ যেন পোতকহে তুলিলে বনৰ বাঘে৷
যোৱানিশা ১২ বজাত চাবুৱাৰ বালিজানত কাঠগাঁৱৰ ৰিদীপ দত্ত নামৰ লোকজনৰ মৰমৰ পোহনীয়া কুকুৰটোক চিকাৰ কৰাৰ বাবে চোপ লৈছিল এটি বনৰীয়া বাঘে৷ বাঘটোৱে খেদা মৰাৰ লগে লগে আলাসৰ লাডু সদৃশ কুকুৰটোৱে দৌৰ মাৰি আহি সোমাল গৃহস্থৰ বাৰান্দাত।