গুৱাহাটীঃ কংগ্ৰেছ দলকে অনুসৰণ কৰিছে বিজেপিয়ে ৷ বাংলাদেশী ভোটৰ লালসাত খিলঞ্জীয়া লোকক গুৰুত্বহীন কৰিছে বিজেপিয়ে ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদে। 

গুৱাহাটী প্ৰেছ ক্লাৱত আজি এক সংবাদমেল যোগে সংগঠনটোৰ বিষয়ববীয়াই আৰু কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনৰ দৰেই বিজপি নেতৃত্বাধীন চৰকাৰখনেও বাংলাদেশী ভোটবেংকৰ স্বাৰ্থকহে অধিক গুৰুত্ব প্ৰদান কৰিছে।

সংবাদ মেলত সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদে বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি শেহতীয়াকৈ বিজেপি চৰকাৰে নিযুক্তি দিয়া সংখ্যালঘু মৰ্চাৰ সভাপতি জনক ভোটবেংকৰ স্বাৰ্থতহে নিযুক্তি প্ৰদান কৰা বুলি কয়। নিৰ্বাচনৰ পূৰ্বে ইছলামধৰ্মী লোকক ৰক্ষা কবচ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে অৱশেষত কংগ্ৰেছ চৰকাৰৰ সংখ্যালঘু কোষৰ নীতিৰেই পুনৰাবৃত্তি ঘটালে বুলি পৰিষদে অভিযোগ উত্থাপন কৰে পৰিষদে।

"অসমৰ খিলঞ্জীয়া লোকক গুৰুত্বহীন কৰি অখিলঞ্জীয়া লোকক প্ৰাধান্য দিয়া কাৰ্যক গৰিহণা দিছো। ৰাজনৈতিক দল এটাৰ আভ্যন্তৰীণ বিষয়ত মাত মতাৰ প্ৰয়োজন নাথাকিলেহেতেন, যদিহে দলটোৰ দ্বাৰা খিলঞ্জীয়াৰ আাশা-আকাংক্ষা প্ৰতিফলিত কৰাৰ আশ্বাস নিদিলেহেতেন।"- অসম আন্দোলন তথা অসম চুক্তিৰ বিৰোধিতা কৰি অহা এসময়ত আমছুৰ দায়িত্বত থকা ইউ এম এফ দলৰ প্ৰাক্তন বিধায়ক মুক্তাৰ হুছেইন খানক বিজেপিয়ে সংখ্যালঘু মৰ্চাৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰা সন্দৰ্ভত এইদৰে কয় পৰিষদে।

এই কাৰ্যৰ জৰিয়তে বিজেপিয়ে খিলঞ্জীয়াক বিশ্বাসঘাটকতা কৰা বুলিও গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে অভিযোগ কৰে। নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা চৰকাৰখনে খিলঞ্জীয়াৰ আবেগ-অনুভূতিক আঘাত হনা কাৰ্যক পৰিষদে তীব্ৰ ভাষাৰে গৰিহনা দিয়ে। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ শীঘ্ৰে পূৰণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদৰ সম্মুখীন হ'ব লাগিব বুলি হুংকাৰ দিয়ে সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদে।