টিপলাইঃ বাঘৰ আতংকত ত্ৰস্তমান গোৱালপাৰা জিলাৰ টিপলাইৰ সমীপৰ বৰপাথাৰবাসী ৷ আজি পুৱাৰ ভাগত ৰাইজে এটি বাঘৰ পোৱালি উদ্ধাৰ কৰি বন বিভাগক খবৰ দিয়াত জংঘলৰ বস্তু জংঘলত এৰি দিয়ক বুলি কোৱাত হতভম্ব হৈ পৰিছে গাঁওবাসী ৷

প্ৰাপ্ত বাতৰি মতে, ৰংজুলি আঞ্চলিক বনাঞ্চল বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ বৰপাথাৰ শালবাৰী গাঁৱৰ ছাত্তাৰ আলী শ্বেখৰ চেগুন বাগানৰ পিছফালে পুৱা ১০মান বজাত এজন লোকে এটা বাঘৰ পোৱালি প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত গাঁওবাসী একত্ৰিত হৈ এটা বাঘৰ পোৱালিটো উদ্ধাৰ কৰে ৷

ৰাইজে উক্ত বিষয়টো ৰংজুলিস্থিত বন বিষয়াৰ কাৰ্যালয়ক অৱগত কৰোৱাত প্ৰথম অৱস্থাত জংঘলৰ বস্তু জংঘলত এৰি দিয়ক দিয়ক বুলি কোৱাত বিবুধিত পৰে ৰাইজ ৷ পিছত পোৱালিটো ছাত্তাৰ আলী শ্বেখৰ ঘৰলৈ লৈ অহাৰ কিছু সময় পিছতেই শ্বেখৰ বাৰীৰ পিছফালে এটা প্ৰকাণ্ড মাইকী বাঘ বহু লোকে প্ৰত্যক্ষ কৰে ৷ হাতে হাতে যাঠি-জোং লৈ বাঘ খেদিবলৈ ওলাই আহে একাংশ লোক ৷

গাঁওখনত অদ্যপি বিৰাজ কৰিছে এক চৰম আতংক ৷ অৱশ্যে বহু পলমকৈ বিয়লি তিনি বজাত বন বিভাগৰ এটা দল গাঁওখনত উপস্থিত হৈ বাঘৰ পোৱালিটো উদ্ধাৰ কৰি লৈ যায় ৷