টিপলাইঃ বাঘৰ আতংকত ত্ৰস্তমান গোৱালপাৰা জিলাৰ টিপলাইৰ সমীপৰ বৰপাথাৰবাসী ৷ আজি পুৱাৰ ভাগত ৰাইজে এটি বাঘৰ পোৱালি উদ্ধাৰ কৰি বন বিভাগক খবৰ দিয়াত জংঘলৰ বস্তু জংঘলত এৰি দিয়ক বুলি কোৱাত হতভম্ব হৈ পৰিছে গাঁওবাসী ৷
প্ৰাপ্ত বাতৰি মতে, ৰংজুলি আঞ্চলিক বনাঞ্চল বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ বৰপাথাৰ শালবাৰী গাঁৱৰ ছাত্তাৰ আলী শ্বেখৰ চেগুন বাগানৰ পিছফালে পুৱা ১০মান বজাত এজন লোকে এটা বাঘৰ পোৱালি প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত গাঁওবাসী একত্ৰিত হৈ এটা বাঘৰ পোৱালিটো উদ্ধাৰ কৰে ৷