টিংখাংঃ অৱশেষত বন বিভাগ সফল হ’ল। ৮ অক্টোবৰে এটি প্ৰকাণ্ড বাঘ পিঞ্জৰাবদ্ধ কৰি শ শ লোকক আতংকৰ পৰা মুক্ত কৰাৰ পিছতেই শুকুৰবাৰে বন বিভাগে পুনৰ আৱদ্ধ কৰিবলৈ সক্ষম হ’ল আন এটি বাঘ। ডিব্ৰুগড় জিলাৰ টিংখাঙৰ কৰঙাণি চাহ বাগিচাত পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকী।
অৱশেষত যেন বন বিভাগৰ বুদ্ধিৰ সন্মুখত আত্মসমৰ্পণ কৰিলে বনৰজাই৷ কেবাদিন ধৰি বাঘৰ আতংক বিৰাজ কৰি থকাৰ সময়তে বেচেৰা বনৰজা আবদ্ধ হ’ল পিঞ্জিৰাত৷ উজনিৰ টিংখাঙত যোৱা কেবাদিন ধৰি এটি বাঘক লৈ সৃষ্টি হৈছিল আতংকৰ৷