Home ভাইৰেলটিলাপাৰা সন্তেষপুৰ গাৱৰ উচ্ছেদিত পৰিয়ালৰ চকুৰ পানী মচিব কোনে,উচ্ছেদিত পৰিয়ালৰ খবৰ লবলৈ আহৰি পোৱা নাই সাংসদ বিধায়কে

টিলাপাৰা সন্তেষপুৰ গাৱৰ উচ্ছেদিত পৰিয়ালৰ চকুৰ পানী মচিব কোনে,উচ্ছেদিত পৰিয়ালৰ খবৰ লবলৈ আহৰি পোৱা নাই সাংসদ বিধায়কে

by News Desk
A+A-
Reset
evition

বিলাসীপাৰাঃ  ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত টিলাপাৰা সন্তেষপুৰ গাৱত যোৱা ১ চেপ্টেম্বৰ দিনা ১৪০ টা পৰিয়ালৰ ঘৰবাৰী প্ৰশাসনে  সম্পূৰ্ণৰূপে উচ্ছেদ কৰা প্ৰায়  দুই মাহ অতিক্ৰম হোৱাৰ পিছতো কোনো দল সংগঠনৰ  লগতে স্হানীয় সাংসদ বিধায়কে খবৰ লবলৈ সময় আহৰি পোৱা নাই। 
নানা দুৰ্যোগ তথা মুকলি আকাশৰ তলত প্ৰখৰ ৰ’দ বৰষুণৰ মাজতে জীৱন যাপন কৰিব লগীয়া উচ্ছেদিত সকলৰ চকুৰ পানী মচিব কোনে? এয়া লাখটকীয়া প্ৰশ্ন উচ্ছেদ হোৱা পৰিয়ালৰ। নাই কোনো খোৱা বোৱাৰ ব্যৱস্থা নাই কোনো থকাৰ ব্যৱস্থা, নাই কোনো প্ৰস্ৰাৱ পায়খানাৰ ব্যৱস্থা। উচ্ছেদ পৰিয়ালে পশু পক্ষীৰ দৰে জীৱন নিৰ্বাহ কৰি অহা দেখা গৈছে। এনে দুৰ্ভগীয়া পৰিয়ালৰ চকুৰ পানী মচিব কোনে? উচ্ছেদ হোৱা পৰিয়ালৰ স্কুলীয়া ল’ৰা ছোৱালীয়ে অতি দুখেৰে সাংবাদিকৰ আগত কয় যে আমাৰ থাকিবলৈ ঘৰ নাই পঢ়িবলৈ ব্যৱস্থা নাই বৰষুণ আহিলে কিতাপ বহী আদি নষ্ট হয়, প্ৰখৰ ৰ’দৰ তাপত শৰীৰ জ্বলি-পুৰি যায়। আমি গছৰ তলত লিখা পঢ়া কৰিব লগীয়া হৈছে। এইক্ষেত্ৰত চৰকাৰ তথা মন্ত্ৰী সাংসদ বিধায়ক নেতা পালি নেতাযই আমাৰ খবৰ লোৱা নাই বুলি কান্দোনত বাগৰি পৰে। 
ইতিমধ্যে সাংসদ মৌলানা বদৰুদ্দিন আজমলে উচ্ছেদ পৰিয়ালৰ খবৰ লোৱাৰ কথা আছিল যদিও আজিলৈকে দেখা নগ’ল।আজমলৰ ভেকোঁ ভাওনাত অতিষ্ঠ হৈ উচ্ছেদ হোৱা ভূক্তভোগী পৰিয়ালে স্হানীয় সাংসদ বিধায়ক নেতা পালি নেতাৰ আস্থা হেৰুৱাই বদৰ উদ্দিন আজমল মুৰ্দাবাদ মুৰ্দাবাদ ধ্বনিৰে পৰিস্থিতি উত্তাল কৰি তোলে আৰু প্ৰয়োজন সাপেক্ষে নিজৰ গাঠিৰ ধন ভাঙি হ’লেও আগন্তুক লোক সভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰচাৰ অভিযান চলাব  আৰু আজমলৰ বিপক্ষে ভোটদান কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে। 
বিলাসীপাৰাৰ জহিৰুল ইছলামৰ প্ৰতিবেদন।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0