59
জেমছ গোহাঁই, তিনিচুকীয়াঃ দেওবাৰে পুৱা নগাঁও জিলাৰ পুৰণিগুদামৰ এজন সংবাদ মাধ্যমেৰে জড়িত ব্যক্তি দুষ্কৃতিকাৰীৰ হিংসাৰ বলি হ’ব লগা হ’ল।
ঘটনাৰ বিৱৰণি মতে আজি পুৱা প্ৰায় ১১ বজাত হঠাতে স্থানীয় গোলাপ শইকীয়াৰ পুত্ৰ পৱিত্ৰ শইকীয়া নামৰ টে’ট শিক্ষক তথা বিজেপি কৰ্মীজনে মিডিয়া ফেডাৰেশ্যন অব্ ইণ্ডিয়াৰ অসম শাখাৰ সম্পাদক নগাঁৱৰ ডেকাচুক বৰঙাতলি নিবাসী জয়ন্ত শইকীয়াক নিজ ঘৰতে বাঁহৰ টাঙোনেৰে উপৰ্যুপৰি প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে।