গুৱাহাটীঃ ২০১৫ চনত ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখিন হৈ ৰাজ্য চৰকাৰে বন্ধ কৰিছিল টোলগেট৷ কিন্তু আকৌ খোল খাব টোলগেট৷ এইবাৰ ১১ খনকৈ টোলগেটে নিতৌ সংগ্ৰহ কৰিব ৰাজ পথত টকা৷ এতিয়া আপুনি ঘৰৰ পৰা গাড়ী লৈ ওলালে কমেও দুশ টকা লগত লৈ আহিব৷ কিয়নো দেশ তথা ৰাজ্যৰ উন্নয়ণৰ বাবে আপুনি কেইটামান টকা ৰাজ পথত দি দি যাব লাগিব ৰাজভড়াল টনকীয়াল হ’বৰ বাবে৷ জিএছটি নোট বন্দীয়ে আপোনাক মাধমাৰ যদি শোধোৱা নাই তেন্তে আপুনি দেশৰ প্ৰগতিৰ বাবে টকা দিবলৈ কুন্ঠাবোধ নকৰিব৷
ৰাজ্যৰ উজনি-নামনিৰ ৰাষ্ট্ৰীয় ঘাইপথ কেন্দ্ৰীয় চৰকাৰে ৰাজ ভড়ালৰ টকাৰে নিৰ্মাণ কৰি দিয়াৰ ফলত আপুনি মই শান্তিৰে গাড়ী চলাব পাৰিছো৷ তাৰ বাবদ কেইটামান টকা দেশৰ প্ৰগতিৰ বাবে দিলে আপোনাৰ একো ক্ষতি নহ’য়৷ নামনিৰ ঘাই পথত চেপা পাতিব NHAI-এ৷ টোলগেট স্থাপন কৰি ৰাজহ সংগ্ৰহ কৰাৰ বাবে চৰকাৰ সাজু হৈছে৷ ৰাজ্য চৰকাৰৰ সংকেত লাভ কৰাৰ পিছতে টোলগেট বহুৱাবৰ বাবে সাজু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ৷