শিৱসাগৰঃ শিৱসাগৰৰ নাট্যমন্দিৰত অহা ৯ জুলাইত সদৌ অসম ভিত্তিত প্ৰাইজমনি সত্ৰীয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ ভাস্কৰজ্যোতি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত শিৱসাগৰত ৯ জুলাইত অনুষ্ঠিত হ’বলগীয়া সংগীতম এক নৃত্য মহোৎসৱৰ লগত সংগতি ৰাখি সত্ৰীয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
পূৱা ৯বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া সংগীতম এক নৃত্য মহোৎসৱ উদ্বোধন কৰিব শিক্ষাবিদ ড০ নিৰুপমা মহন্ত অাৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী তিলেশ্বৰ তামুলী বৰবায়নে৷ অাৰু ৯.৩০ বজাৰ পৰা অনুষ্ঠিত হব সদৌ অসম ভিত্তিত সত্ৰীয়া নৃত্য প্ৰতিযোগিতা।