​অসম আৰক্ষীৰ মিঠুন দাসৰ কৰ্তব্যপৰায়নতাত মুগ্ধ ৰাজ্যবাসী

 | by NNO Digital Staff  |  0
Printer-friendly version

গুৱাহাটীঃ চ’তৰ আকাশত দেওবাৰে হঠাতে আহিল এচমকা কলীয়া ডাৱৰ। পুৰাৰ ভাগত নিৰ্মল হৈ থকা আকাশলৈ পশ্চিম দিশৰপৰা আহা ধুমুহাৰ লগতে ধৰালৈ নামি আহিল ধাৰাসাৰ বৰষুণ। 

সকলোৱে নিজৰ গা বচাই আশ্ৰয় ল’লেগৈ এখন চালিৰ তলত। দেওবৰীয়া দুপৰীয়া গুৱাহাটীৰ পথত যান-বাহন নিয়ন্ত্ৰণ কৰি থকা কৰ্তব্যৰত ট্ৰেফিক পুলিচকেইজন এতিয়া বৰষুণৰপৰা হাত সাৰিবলৈ যাব কলৈ?

নিজ দায়িত্বৰপৰা হঠাতে আঁতৰি আহিলে পথত যানজঁটে সমস্যাৰ সৃষ্টি কৰিব। এনে দায়িত্ববোধ আৰু কৰ্তব্যপৰায়ণতাৰ বাবেই ট্ৰেফিক কনষ্টবল মিঠুন দাসে দবাপিটা বৰষুণ সত্ত্বেও নিজৰ দায়িত্বৰপৰা আঁতৰি যোৱা নাই। 

এই দৃশ্য সচেতন পথচাৰীক ম’বাইলৰ কেমেৰাত বন্দী হৈ ৰয়। লগে লগে এই দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

বশিষ্ঠ থানাৰ কনষ্টবল মিঠুন দাসৰ এই ফটো ভাইৰেল হোৱাৰ পাছতেই আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াই দাসৰ লগত কথা পাতি তেওঁৰ দায়িত্ববোধক প্ৰশংসা কৰে।