Printer-friendly version

লকডাউন, ঋণৰ বোজা,  চিকিৎসাৰ বাবে ধনৰ অভাৱ। চৰকাৰৰ কিমান কি অভিলাষী আঁচনি আছে! অথচ এখনো আঁচনিয়ে ঢুকি নাপালে এটি মৰমলগা কণমানিৰ পিতৃ-মাতৃক। তাৰ পিছত কি হ'ল? সাংবাদিক লোকেশ্বৰ নাথৰ বিস্তৃত প্ৰতিবেদন...


দৰিদ্ৰতা নিৰ্মূলৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অভিলাসী আঁচনি গ্ৰহণ কৰাৰ কথাৰে দেশক প্ৰগতিৰ দিশে আগুৱাই নিয়া বুলি আত্মসন্তুষ্টি লভিছে। পিছে দৰিদ্ৰ জনতাই এই চৰকাৰৰ আমোলত প্ৰকৃততেই সকাহ লাভ কৰিছেনে! ক্ষুদ্ৰ ব্যৱসায়ী , চহা কৃষক, শ্ৰমজীৱী লোককে ধৰি নিম্ন মধ্যবিত্ত পৰিয়াল সমূহৰ দিনে দিনে দুৰ্যোগৰ মাজলৈ গতি কৰিবলগীয়া পৰিবেশ আহি পৰিছে। জীৱনদায়িনী দৰৱ, চিকিৎসালয়ৰ মাচুল, ভাড়া বৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধি আৰু নিয়ন্ত্ৰণহীন বজাৰ ব্যৱস্থা, অত্যাধিক কৰ-কাতলে কোঙা কৰি পেলাইছে স্বাভাৱিক জীৱন প্ৰক্ৰিয়া। ইয়াৰ মাজতেই কৰোনা সৃষ্ট পৰিস্থিতিয়ে একাংশ লোকৰ জীৱনলৈ অসহনীয় যন্ত্ৰণাৰ যেন ধুমুহা আনিছে। 

গাখীৰৰ অভাৱত হিয়াভগা কান্দোন ১৮ মহীয়া ভাৰ্গৱৰ

কেৱল পৰিয়াল ভৱন-পোষণৰ দায়িত্বত থকা সকলেই যে এই জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে তেনে নহয়। সাম্প্ৰতিক অৱস্থাৰ ভয়াৱহ দুৰ্যোগৰ পৰা হাত সাৰিব পৰা নাই দেৱশিশুও। ভাৰ্গব জ্যোতি নামৰ ১৮ মহীয়া এটি অতি মৰম লগা শিশু। মাক দেউতাৰ কোলাত জগতৰ সমস্ত বিপদৰ পৰা নিজকে নিৰাপদ বুলি ভবা এই দেৱশিশুটিৰ এতিয়া সেই নিৰাপদ আশ্ৰয়স্থল নাই। কেইদিনমান আগলৈ মাকৰ বুকুৰ গাখীৰ খাই টোপনি যোৱা শিশুটি এতিয়া শান্তিত টোপনি যোৱা নাই। 

পেটত ভোক থাকিলে পাৰে জানো টোপনি যাব? খাদ্য, গাখীৰৰ অভাৱত প্ৰায়েই কান্দে সি। আইতাকে শাক-পাত অথবা আলু পিটিকাৰে সামৰ্থ অনুযায়ী খুৱাবলৈ চেষ্টা কৰে। কিন্তু সেয়াই জানো কণমানিটোৰ বাবে উপযুক্ত খাদ্য!  কিন্তু শিশু খাদ্য অথবা গাখীৰ ক্ৰয় কৰিবলৈ নাই তেওঁলোকৰ হাতত পইছা। ৯ ছেপ্টেম্বৰৰ পৰাই খাদ্য সংকটত পৰিছে শিশুটি। কাৰণ তাৰ মাকেও স্বামীৰ পথ অনুসৰণ কৰি দুখ-যন্ত্ৰণা আৰু ঋণৰ বোজা সহিব নোৱাৰি  বাছি লয় আত্মহননৰ পথ।

কিয় সন্তানৰ মৰমকো নেওচি জীৱনৰ পৰা বিদায় ল’লে স্বামী-স্ত্ৰীয়ে? 

ঘটনাটো দৰঙৰ ছিপাঝাৰ থানা এলেকাৰ দুনী পঞ্চায়তৰ অধীনস্থ বিহাইগাঁওৰ। গাঁওখনৰ দৰিদ্ৰ কৃষক বিপিন ডেকা আৰু কুঞ্জ ডেকাৰ পুত্ৰ নীলমণি ডেকাই গাঁৱৰে ধনদা ডেকাৰ সৈতে প্ৰণয়সূত্ৰে বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ প্ৰায় ডেৰ বছৰ পিছত নীলমণি আৰু ধনদাৰ জীৱনলৈ আহিছিল পুত্ৰ সন্তানটি। এখন সৰু দোকানত কাম কৰি নীলমণিয়ে চলাই নিছিল পৰিয়ালটো। পৰিয়াল বৃদ্ধি হোৱা হেতু নিজাকৈ ব্যৱসায় কৰাৰ উদ্দেশ্যে মাতৃ কুঞ্জ ডেকাৰ জৰিয়তে অন্নপূৰ্ণা নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা চল্লিছ হাজাৰ টকা ঋণ লয়। ঋণৰ টকাৰ মাহিলী ২০৭২ টকা কৈ কিস্তি পৰিশোধ কৰি আহিছিল যদিও লকডাউনৰ পৰিপ্ৰেক্ষিতত আদায় দিব পৰা নাছিল কিস্তিৰ ধন। 

• পত্নীৰ চিকিৎসাৰ বাবে ধন গোটাব নোৱাৰি অজান দেশলৈ যোৱা নীলমণি

ইফালে, পত্নী ধনদা আক্ৰান্ত হৈছিল এক ৰোগত। কৰ'নাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অস্ত্ৰোপচাৰ কৰিব নোৱাৰি ব্যক্তিগত চিকিৎসালয়লৈ যাবলৈ বাধ্য হয়। চিকিৎসকে সেই অস্ত্ৰোপচাৰৰ বাবে প্ৰায় ৩৫ হাজাৰ টকা ব্যয় হ’ব বুলি জানিবলৈ দি অস্ত্ৰোপচাৰৰ নিৰ্দিষ্ট দিন ঠিক কৰে। সেই অনুসৰি নীলমণিয়ে বিভিন্ন ঠাইত ধনৰ সন্ধান কৰে যদিও প্ৰয়োজনীয় ধন গোটাব নোৱাৰিলে। অস্ত্ৰোপচাৰৰ সেই নিৰ্দিষ্ট দিনটোলৈ ধন গোটাব নোৱাৰি চৰম হতাশাত সেই দিনটোতে অৰ্থাৎ ২৩ জুলাইত বাছি লয় আত্মহননৰ চৰম পথ। 
 
স্বামীৰ মৃত্যুৰ পিছতে ধনদাৰ জীৱনলৈ নামি আহে কলীয়া ডাৱৰ। পিতৃ-মাতৃৰ সহযোগত আৰু শাহুৱেক কুঞ্জ ডেকাই লোৱা ঋণৰ টকাৰে স্বামীহাৰা ধনদাক অস্ত্ৰোপচাৰ কৰাই যদিও ঋণৰ বোজাই জুৰুলা কৰে পৰিয়ালটোক। তাৰ মাজতে স্বামীৰ মৃত্যুৰ দুখ পাতলি নায়াওতেই অৰ্থাৎ ৪৭ দিনৰ পিছত পৰিয়ালটোক অন্নপূৰ্ণাৰ তৰফৰ পৰা ঋণ আদায় দিবলৈ হেঁচা প্ৰয়োগ কৰে। 

• স্বামীৰ আত্মহননৰ পিছত কণমানিক কোচত লৈ বিধ্বস্ত ধনদা...

ধনদাৰ শাহুৱেক কুঞ্জ ডেকাই জানিবলৈ দিয়া মতে বিত্তীয় প্ৰতিষ্ঠানটোৰ জনৈক মণ্ডল উপাধিৰ কৰ্মচাৰী গৰাকীয়ে সেই দিনটোতে অনাদায় কিস্তি আদায় দিবই লাগিব বুলি জোৰ কৰে। আনকি তেওঁ সেই মুহূৰ্ততে ধন আদায় নিদিলে  বিয়লি পুনৰ কিস্তিৰ ধন নিবলৈ আহিব বুলি কয়। এই বিষয়ে কুঞ্জ ডেকাই বিষয়টো ঘৰত ধনদাহতৰ আগত আলোচনা কৰে। সেইদিনা নিশাই চৰম পন্থা লয় ধনদাই। তাইৰ চিকিৎসাৰ বাবে ধাৰ ঋণ লৈ শহুৰ-শাহুৱে পিতৃ পৰিয়ালৰ সহযোগত অস্ত্ৰোপচাৰ কৰি ৰোগমুক্ত কৰে যদিও ধাৰৰ বোজা আৰু ভৱিষ্যতৰ সাম্ভাব্য পৰিস্থিতিৰ মোকাবিলা কৰিব অসমৰ্থ হ’ব বুলি ভাবিয়েই হয়টো তাই আত্মহত্যাৰ পথ বাছি ললে বুলি স্থানীয় ৰাইজে আশংকা ব্যক্ত কৰে। 

কি কয় অন্নপূৰ্ণাই? 

অন্নপূৰ্ণাৰ ঋণ সন্দৰ্ভত বিষয়টো সত্যতা নিৰূপণৰ বাবে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী গৰাকীৰ সৈতে এই প্ৰতিবেদকে যোগাযোগ কৰাত তেওঁ কিস্তিৰ ধন আদায় কৰিবলৈ তেনেদৰে হেঁচা প্ৰয়োগ কৰাৰ কথা স্বীকাৰ কৰে।  ঋণ সময়মতে আদায় নিদিলে সুতৰ ওপৰত সূত লোৱা হব বুলিও কয়। আত্মহত্যাৰ ঘটনাটো তেওঁ যোৱাৰ আগদিনা সংঘটিত হোৱা বুলি দাবী কৰি ইয়াৰ সতে তেওঁ জড়িত নহয় বুলি কয়। এনেদৰে এতিয়া ভুল তথ্যৰে নিজকে দোষ মুক্ত কৰিব বিচৰা ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ। 

আনহাতে মাকৰ গাখীৰ খাই থকা কণমানিটোক লৈ বিমোৰত পৰিছে পৰিয়ালটো। প্ৰয়োজনীয় গাখীৰ অথবা শিশু খাদ্য ক্ৰয় কৰিবলৈ ধনৰ অভাৱ। পৰিয়ালটোক সহায় কৰিবলৈ কোনো হৃদয়ৱান লোক আগবাঢ়ি আহিলে পুষ্টিহীনতাত ভোগাৰ পৰা ৰক্ষা পৰিব দেৱশিশুটি। এয়া সাম্প্ৰতিক সময়ৰ সমাজ ব্যৱস্থাৰ এটা মাত্ৰ উদাহৰণ। এইখন সমাজত এনে অনেক দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ আছে। তেওঁলোকৰ সমস্যাৰ কথা শুনিবলৈ আছেই বা কোন!