ইটানগৰঃ ভাৰত-চীন সীমান্তত সমুদ্ৰপৃষ্ঠৰপৰা ১০ হাজাৰ ফুট উচ্চতাত আছে প্ৰকৃতিৰ অপুৰ্ৱ সৃষ্টি মনোমোহা টাৱাং। এই টাৱাঙলৈকে ৰেলগাড়ী চলিব বুলি ভাবিবই নোৱাৰি। কিন্তু এই অসম্ভৱকো সম্ভৱ কৰি তোলাৰ বাবে মনস্থ কৰিছে উত্তৰ-পূৱ সীমান্ত ৰেল বিভাগে।
অৰুণাচল প্ৰদেশৰ সীমাতে থকা ভালুকপুঙলৈকে ৰেলৰ যাতায়ত আছে যদিও টাৱাঙৰ সৈতে ৰেলৰ যোগাযোগ নাই। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ টাৱাঙক সেয়ে ভালুকপুঙৰপৰা ৰেলপথেৰে সংযোজিত কৰাৰ সাহসী পদক্ষেপ গ্ৰহণ কৰিছে ৰেল বিভাগটোয়ে।