গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰ অঞ্চলবাসীক জৰাজীৰ্ণ পথে যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি জীয়াতু ভুগিবলৈ বাধ্য কৰাই আহিছে। গোৰেশ্বৰ সংযোগী কেবাটাও পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে আজিকোপতি অঞ্চলটোৱে উন্নয়ন মুখ দেখিবলৈ সক্ষম হোৱা নাই। গোৰেশ্বৰ-খৈৰাবাৰী সংযোগী গঢ়কপ্তানি পথটো বৰ্তমান জহি খহি যোৱাত চৰম দুৰ্ভোগ ভুগিছে জালুকবাৰী, কেৰ্পাভিটা, ঠাকপৰীয়াপাৰা, খৈৰাবাৰী আদিৰ ৰাইজে।
বিশেষকৈ দৈনিক শ শ ছাত্ৰ -ছাত্ৰী শিক্ষা গ্ৰহণৰ বাবে গোৰেশ্বৰলৈ আহিব লগা হোৱাত চৰম যাতনা ভুগিব লগা হৈছে। আনহাতে উক্ত অঞ্চলৰ খেতিয়ক সকলো উৎপাদিত সামগ্ৰী গোৰেশ্বৰৰ বজাৰলৈ বিক্ৰী কৰিবলৈ বহু কষ্ট ভোগ কৰিব লগী হৈছে।