নতুন দিল্লীঃ সমাজৰ লগত নাৰীৰ সম্পৰ্ক অতি নিবিড় ৷ জাতি এটাৰ উন্নতিত নাৰীৰ ভুমিকা সদায় অপৰিহাৰ্য৷ ভাৰতবৰ্ষ প্ৰাচীন কালৰপৰা যিখন দেশত শক্তি, সমৃদ্ধি আৰু ঐশ্বৰ্য্যৰ প্ৰতীক হিচাবে নাৰীক স্মৰণ কৰা হয় সেইখন দেশতে আজি প্ৰতিপদে নিজৰ মৰ্যাদা হেৰুৱাবলগীয়া হৈছে নাৰীয়ে৷

পদে পদে অসুৰক্ষিত নাৰীৰ বাবে ৰাজনৈতিক, সামাজিক ন্যায় আৰু স্বাধীনতা এতিয়াও বহুদূৰ। সেয়াই যেন প্ৰতিফলিত হৈছে দিল্লী আৰক্ষীৰ শেহতীয়া সমীক্ষাত। দেশৰ ৰাজধানী চহৰখনতেই সুৰক্ষিত নহয় নাৰী। দিল্লীত প্ৰত্যেক চাৰি ঘণ্টাত ধৰ্ষিতা হয় এগৰাকীকৈ মহিলা৷ মহিলাৰ বাবে অসুৰক্ষিত বুলি সততে সমালোচিত দেশৰ ৰাজধানী চহৰখনত নাৰীজনিত অপৰাধ ক্ৰমাত বৃদ্ধি হোৱা বুলি দিল্লী আৰক্ষীৰ বাৰ্ষিক সমীক্ষাত প্ৰকাশ পোৱাত স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে সকলো।

বিগত তিনিবছৰত চহৰখনত নাৰীজনিত অপৰাধ বৃদ্ধি হৈছে বুলি সমীক্ষাত প্ৰকাশ৷ উল্লেখ্য যে ২০১৬ বৰ্ষৰ প্ৰত্যেক ৪টা গোচৰৰ ভিতৰত ৩ টা গোচৰৰে মীমাংসা কৰিব পৰা নাছিল আৰক্ষীয়ে। ২০১৫ ত ৰাষ্ট্ৰসংঘৰ সমীক্ষা অনুসৰি মহিলা সৱলীকৰণত বিশ্বৰ ১৪৭ খন দেশৰ ভিতৰতে ভাৰতবৰ্ষৰ স্থান ১৩৫৷ নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ ডেটাৰ সমীক্ষা অনুসৰি দেশৰ ভিতৰতে মহিলাৰ বিৰুদ্ধে আটাইতকৈ অপৰাধ সংঘটিত কৰা প্ৰথম তিনিখন ৰাজ্য হৈছে দিল্লী, ছট্টিছগড়, মধ্যপ্ৰদেশ৷ 

ৰাণী লক্ষ্মীবাই, অহল্যাবাইৰ দেশ ভাৰতবৰ্ষত কন্যা ভ্ৰূণ হত্যা, যৌতুকজনিত হিংসা, নাৰী দেহৰ ব্যৱসায়, বলাৎকাৰৰ দৰে নাৰীৰ শ্লীলতা হানিৰ ঘটনা, ডাইনীৰ সন্দেহত নাৰী হত্যা আৰু অজস্ৰ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ কাৰণে এতিয়াও প্ৰতিদিনে শ-শ নাৰীয়ে মৃ্‌ত্যুক সাৱটি ল’ব লগা হৈছে। তেনেস্থলত দেশখনৰ ৰাজধানী চহৰৰ এই তথ্য সঁচাকৈয়ে শংকাৰ বিষয়৷