গোলকগঞ্জঃ গোলকগঞ্জৰ জৰাজীৰ্ণ বাট-পথে এতিয়া জীয়াতু ভোগাইছে ৰাইজক৷ অসম বংগ সীমান্তৰ ধুবুৰী জিলাৰ গোলকগজ্ঞ বিধান সভা সমষ্টিৰ অন্তৰ্গত গাঁও সমূহৰ বাট-পথৰ বাবে যন্ত্ৰনাৰ শেষ নহোৱা হৈছে স্থানীয় ৰাইজৰ৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা বৃদ্ধ ৰোগীলৈ সকলোৱে জীয়াতু ভুগিবলগীয়া হৈছে৷
প্ৰথমে বানে জুৰুলা কৰা গোলকগঞ্জবাসীক বানৰ পাছত এইবাৰ জৰাজীৰ্ণ বাট-পথে দিছে যমৰ যাতনা৷ আনহাতে ভগা বাট-পথ দেখিও নিশ্চুপ হৈ আছে স্থানীয় বিধায়ক অশ্বিনী ৰায় সৰকাৰ৷ তদুপৰি বানাক্ৰান্ত অঞ্চলটোৰ বিদ্যালয়সমূহত এতিয়াও একাঠু পানীৰ মাজতে শিক্ষা লাভ কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীয়ে৷