লংকাঃ ৰেলৰ যাত্ৰীক সকলো সা-সুবিধা প্ৰদান কৰি দেশৰ ৰে’ল ব্যৱস্থাৰ আমুল পৰিবৰ্তন সাধনৰ শ্ল’গানৰ মাজতে কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰীৰ গৃহ সমষ্টিতে এতিয়া ৰেলৰ টিকটৰ নামত চলিছে ব্যাপক লুণ্ঠনৰাজ৷ কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী হিচাপে নগাঁও লোকসভা সমষ্টিৰ বিজেপি সাংসদ ৰাজেন গোহাইে দ্বায়িত্ব লাভ কৰাৰ পাছত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰে’ল ব্যৱস্থাৰ অধিক উন্নয়ণ হ’ব বুলি আশা কৰাৰ সময়তে একাংশ দালালৰ ৰম্যভূমিত পৰিণত হৈছে লংকা ৰেলৱে ষ্টেছন৷
তাৰ পাছতো নীৰৱ ভূমিকা অৱৰ্তীণ হৈ পৰিছে লংকা ৰেলৱে ষ্টেছন কৰ্তৃপক্ষ। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি লংকা ৰেলৱে ষ্টেছনৰ এটি টিকট কাউন্টাৰত তৎকালীন টিকটৰ নামত অবৈধ ব্যবসায় চলি থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। এজন যুৱকে তৎকালীন টিকট সংগ্ৰহৰ বাবে আহিছিল লংকা ৰেলৱে ষ্টেছনলৈ৷ টিকট কাউন্টাৰত টিকট সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত একাংশ দালাল উপস্থিত হৈ যুৱক জনৰ টিকট সংগ্ৰহ কৰাৰ নামত দিয়া আবেদন খন দলিয়াই দিয়ে৷