62
বঢ়মপুৰঃ বন বিভাগৰ অভিযানত জব্দ হ’ল কেইবা লাখ টকাৰ কাঠ আৰু কাঠ ফলা মিল৷ নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিষয়া কাৰ্যালয়ে চলোৱা অভিযানত এই সফলতা লআব কৰে৷
শালনা আঞ্চলিক বন বিষয়া কাৰ্যালয়ে খলিহামাৰী আৰু বৰভগীয়াত পৃথকে পৃথকে চলোৱা অভিযানত চোৰাং কাঠ আৰু অবৈধ কাঠ মিল জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, বন বিভাগৰ দলটোৱে খলিহামাৰীৰ গুলজাৰ আলীৰ ঘৰত অভিযান চলায় প্ৰায় ৫০হাজাৰ টকাৰ চেগুন আৰু মাকৈ শাল কাঠ জব্দ কৰে৷