ডিজিটেল ডেস্কঃ প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যুক সাবতিবলগা হ’ল ২০ জন প্ৰতিবাদকাৰীয়ে। অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰ জিলাৰ য়েৰপেডু আৰক্ষী থানাৰ সমুখত অবৈধ সামুদ্ৰিক বালি খননৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আজি দিনৰ ১ বজাত সমবেত হোৱা প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ হেৰুওৱা ট্ৰাক এখনে মহতিয়াই নিয়ে।
ফলত থিতাতে ২০ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন ২০ জন লোক আহত হয়। পুটালপেট্টু-নাইডুপেটা ৰাজপথত মালভৰ্তি তীব্ৰবেগী ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰতিবাদকাৰীৰ মাজত সোমাই পৰে আৰু শেষত গৈ বিদ্যুতৰ খুঁটাত খুন্দা মাৰে।