ডিজিটেল ডেস্কঃ ডাটা অফাৰৰ যুঁজত জিঅ’ই চলে-বল-কৌশলেৰে আগবাঢ়ি থকাৰ অভিযোগ উত্থাপিত হ’লেও অব্যাহত থকা ডাটা স্পীডৰ যুঁজখনত কোনে কাক কেতিয়া পিছ পেলাই থৈ যায়, তাৰ একো ঠিকনা নাই।  

জিঅ’ই হওক বা এয়াৰটেল, সকলোৱেই নিজৰ স্পীড সৰ্বোচ্চ বুলি বিজ্ঞাপন, হৰ্ডিং আদিৰ যোগেদি জহাই থাকিলেও ব্যৱহাৰকাৰীৰ পক্ষে সম্ভৱ হৈ উঠা নাছিল কাৰ স্পীড বেছি।

কিন্তু টেলিকম ৰেগুলেটৰি অথৰিটি অব ইণ্ডিয়া চমুকৈ ট্ৰায়ে স্পষ্ট কৰি ঘোষণা কৰিছে মাৰ্চ মাহত স্পীডৰ ৰজা কোন। মাৰ্চ মাহৰ বাবে ট্ৰায়ে প্ৰকাশ কৰা তালিকাত প্ৰথম স্থান দখল কৰিছে ৰিলায়েন্স জিঅ’ই৷ ট্ৰায়ে মাইস্পীড এপযোগে নিৰ্ণয় কৰামতে জিঅ’ৰ বৰ্তমানৰ স্পীড ১৬.৪৮ এমবিপিএছ৷

আনহাতে জিঅ’ৰ সৈতে সতকাই ডাটা তাৰিফ আৰু স্পীডৰ যুঁজ দি অহা এয়াৰটেল আৰু আইডিয়াই এই তালিকাত ক্ৰমে ১০.৪৩৯ এমবিপিএছ আৰু ১২.২১ এমবিপিএছ স্পীডেৰে ২য় আৰু ৩য় স্থানত আছে৷ ইয়াৰ বিপৰীতে ভোডাফোনৰ স্পীড আছিল মাত্ৰ ৭.৯৩৩ এমবিপিএছ৷