ডিজিটেল ডেস্কঃ চৰাই খেদিবলৈ গৈ মুখথেকেচা খোৱা হাতীপোৱালী এটাৰ ভিডিঅ’ই আমোদ দিছে কোটি কোটি লোকক।

ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ পোষ্ট কৰাৰ লগে লগে অভাৱনীয় হাৰত শ্বেয়াৰ হ’বলৈ ধৰে মৰমলগা হাতীপোৱালীটোৰ ভিডিঅ’টো।

বহুতে আকৌ হাতী পোৱালীটোৰ মুখত আমোদজনক সংলাপ দিয়াও দেখা গ’ল। মাকে চাই থকা অৱস্থাতে হাতী পোৱালীটোৱে গুৱেনা এজাক খেদি খেদি তিনিপাক মান মাৰে। কিন্তু গুৱেনাকেইটাও পোৱালীক কেৰেপকে নকৰে।

পিছতে ঘুৰি ঘুৰি মুৰ ঘুৰাই পোৱালীটো মুখ থেকেচা খাই পৰে। আকৌ উঠে। ডেইলী মেইল নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ তথ্য মতে এই ভিডিঅটো দক্ষিণ ছুইডেনৰ বৰাছ চিৰিয়াখানাৰ।