মুম্বাইঃ পলাই ফুৰিছে টিভিএফৰ সঞ্চালক অৰুণাভ কুমাৰে৷ দা ভাইৰেল ফিভাৰ নামৰ জনপ্ৰিয় ইউটিউব চেনেলটোৰ সঞ্চালকজনৰ বিৰুদ্ধে প্ৰতিষ্ঠানটোৰ প্ৰাক্তন মহিলা কৰ্মচাৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগত বুধবাৰে এজাহাৰ দাখিল কৰিছিল ৷
ইয়াৰ পিছতেই পলাতক হৈ আছে সঞ্চালকজন৷ ১২ মাৰ্চত সঞ্চালকজনৰ বিৰুদ্ধে প্ৰাক্তন সহকৰ্মী এজনে চ’ছিয়েল মিডিয়াত তেওঁৰ বিৰুদ্ধে যৌন আতিসায্যৰ অভিযোগ উত্থাপন কৰিছিল৷ ইয়াৰ পিছতেই কেইবাগৰাকী মহিলাই অনুৰূপ অভিযোগ উত্থাপন কৰিছিল অৰুণাভ কুমাৰৰ বিৰুদ্ধে ৷