নলবাৰীঃ ভয়াৱহ ৰূপ ধাৰণ কৰা মহামাৰী কৰ'না ভাইৰাছক পৰাস্ত কৰাৰ বাবে কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশ অনুযায়ী সমগ্ৰ দেশতে ২১ দিনীয়া লকডাউন অব্যাহত থকাৰ সময়তে  একাংশ লোকে ইয়াক অমান্য কৰি অহা দেখা গৈছে। এনে অমান্যকাৰীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা হাতত লৈছে আৰক্ষী-প্ৰশাসনে। 

এই অনুযায়ী লকডাউনৰ দ্বিতীয় দিনটোত আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষীয়ে আটক কৰে আইন ভংগকাৰী দুজনকৈ যুৱকক। আটকাধীন যুৱক দুজন ক্ৰমে নাৰিকুছি গাঁৱৰ  কামিনী ডেকাৰ পুত্ৰ খৰ্গেশ্বৰ ডেকা (৩১) আৰু শংকৰ বড়োৰ পুত্ৰ কৃষ্ণ  বড়ো (১৯)বুলি ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত  আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে জানিবলৈ দিছে।

ঘগ্ৰাপাৰ আৰক্ষীৰ এটা টহলদাৰী দলে যুৱক দুজনক ৰাস্তাত কথা পাতি থকা প্ৰত্যক্ষ কৰি সোধ-পোচ কৰে। সোধ-পোচত যুৱক দুজনে অনাহকত ৰাস্তাত আড্ডা দি থকা বুলি নিশ্চিত হোৱাত আটক কৰি থানালৈ লৈ যায়। ইতিমধ্যে যুৱক দুজনৰ বিৰুদ্ধে ঘগ্ৰাপাৰ আৰক্ষীয়ে  দুৰ্যোগ প্ৰশমন আইন ২০০৫ অনুযায়ী ভাৰতীয় দন্ডবিধি আইনৰ ১৮৮/৩৪ ধাৰাত এটি গোচৰ ৰুজু কৰিছে।

উল্লেখ‍্য‍ যে নলবাৰী জিলাৰ ভিন্ন অঞ্চলত আৰক্ষীয়ে কালিৰে পৰা একাধিক ঠাই পৰিভ্ৰমণ কৰি কৰ'না আৰু লকডাউনক লৈ জনসাধাৰণক সজাগ কৰিবলৈ প্ৰয়াস চলাই আহিছে। বিশেষকৈ প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী প্ৰতিদিনে দিনৰ ৯ বজাৰ পৰা ১ বজালৈ গেলামাল দোকান খোলাৰ সময়ত যাতে কোনোধৰণৰ ভিৰ আৰু অবাঞ্চিত পৰিস্থিতিৰ উদ্ভৱ হব নোৱাৰে তাৰ প্ৰতিও কঠোৰ দৃষ্টি ৰখা দেখা গৈছে নলবাৰী আৰক্ষীক।