newsnextone.com | বোকাজানঃ ডিমাপুৰৰ দুৰ্বৃত্তই অপহৰণ কৰিছিল মৰাণৰ ব্যৱসায়ী তুলসী প্ৰসাদ বেৰীয়াক৷ এই কথা পোহৰলৈ আহে ব্যৱসায়ী গৰাকীক উদ্ধাৰৰ পিছতে৷ কাৰ্বি আংলংৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলনীজানত লোকগৰাকীক এৰি দুৰ্বৃত্তই পলায়ন কৰে বৃহস্পতিবাৰে।
উল্লেখ্য যে, মৰাণৰ নিবাসী তথা ব্যৱসায়ী তুলসী প্ৰসাদ বেৰীয়াই বৃহস্পতিবাৰে পুৱা ৫ বজাত মৰাণ নগৰৰ বাসগৃহৰ পৰা চকলীয়াস্থিত নিজ পুৰণি গৃহলৈ আহি থাকোতেই মাজবাততে এখ স্ক’ৰপিঅ’ত অহা চাৰিজনীয়া অস্ত্ৰধাৰী দলে তেওঁ আহি থকা বাহনখন ৰখাই বেৰীয়াক অপহৰণ কৰে৷