ডিজিটেল ডেস্কঃ ক্ৰিকেট জগতত নতুন ৰেকৰ্ড গঢ়িলে ভাৰতীয় ক্ৰিকেট দলে৷ অনুৰ্ধ্ব-১৯ৰ বিশ্বকাপত নতুন ৰেকৰ্ড গঢ়ি অষ্ট্ৰেলিয়াক হৰুৱাই চেম্পিয়ন হ’ল ভাৰতীয় দল৷ ২০০০, ২০০৮, ২০১২ৰ পিছত পুনৰ বিশ্বকাপত চেম্পিয়ন হ’ল ভাৰতীয় দল৷ নিউজিলেণ্ডত অনুষ্ঠিত বিশ্বকাপৰ ফাইলেত অষ্ট্ৰেলিয়াক ধৰাশয়ী কৰে।
টছ জিকি অষ্ট্ৰেলিয়া দলে মাথো ২১৬ ৰানৰ টাৰ্গেট দিয়ে ভাৰতীয় দলক৷ ভাৰতীয় দল বৰ্তমান ফৰ্মত থকাত ২১৬ ৰানৰ লক্ষ্য সহজেই অতিক্ৰম কৰে৷ শনিবাৰে টিম ইণ্ডিয়াক জয়ী হোৱাৰ সংকেত দিছিল বলাৰসকলে৷ টিম ইণ্ডিয়াৰ বলাৰসকল অষ্ট্ৰেলিয়াৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় দিছিল৷ ৩৩ ৰানতে অষ্ট্ৰেলিয়াৰ ৬ উইকেট পেভেলিয়ান মুখী হয়৷