75
ডিজিটেল ডেস্কঃ উৰণীয়া টেক্সী মুকলি কৰিব উবেৰে৷ ২০২০ চনত উৰণীয়া টেক্সী মুকলিৰ পৰিকল্পনা উবেৰে৷ ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ মুখ্য সঞ্চালক জেফ হ’লডেনে প্ৰকাশ কৰিছে এই তথ্য৷
টেক্সাছ আৰু ডুবাইত প্ৰথমতে মুকলি কৰা হ’ব এই টেক্সী৷ এই বাহনবিধ হ’ব সৰু আৰু বৈদ্যুতিন এয়াৰক্ৰাফ্ট যুক্ত৷ এই প্ৰকল্পৰ বাবে ইতিমধ্যে কেইবাটাও প্ৰতিষ্ঠানৰ সৈতে কাম আৰম্ভ কৰিছে উবেৰে৷