112
ওদালগুৰিঃ সদৌ অসম ছাত্ৰ সন্থাৰ ওদালগুৰি মহকুমা সমিতি আৰু ওদালগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত সদৌ অসম ভিত্তিত দিবা-নৈশ পাতল টেনিচ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷
অহা ৯-১১ ফেব্ৰুৱাৰীলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ৪০,০০০ টকা আৰু ৰানাৰ্ছআপ দলক ২০,০০০ টকা প্ৰদান কৰা হ’ব।