♦ অলকা নামৰ পোহনীয়া হাতীটোৱে জন্ম দিলে পোৱালি

অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলাৰ উত্তৰাঞ্চলত এতিয়া বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। প্ৰায় প্ৰতিদিনে হাতী মানুহৰ সংঘাতত কেইবাটাও বন্যহস্তীৰ মৃত্যু হোৱাৰ লগতে মানুহৰো প্ৰাণহানি হৈছে।

লগতে বিনষ্ট হৈছে শ শ বিঘা খেতিৰ ভূমি। বিগত বৰ্ষ সমূহত ইয়াৰ সংখ্য যথেষ্ট আছিল যদিও চলিত বৰ্ষৰ আজি পৰ্যন্ত এই সংঘাতত মৃত্যু হৈছে ৭ গৰাকীকৈ নিৰীহ লোকৰ লগতে কৃষক। নিশা হ'লেই অঞ্চলবোৰলৈ আহে বৃহৎ বৃহৎ হাতীৰ জাক। ফলত স্থানীয় লোকসকলে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। বনৰীয়া হস্তীসমূহ এওঁলোকৰ বাবে হৈ পৰিছে অভিশাপস্বৰূপ।

ইয়াৰ মাজতে হাতীয়ে এক সুখবৰ কঢ়িয়াই আনিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ, আগমণ ঘটিছে এগৰাকী নতুন অতিথিৰ। ৰাষ্ট্ৰীয় উদ্যানখনৰ অলকা নামৰ পোহনীয়া হাতীটোৱে বুধবাৰে নিশা জন্ম দিয়ে এটা পোৱালি। 

ইয়াকে লৈ উদ্যানখনৰ বনকৰ্মী আৰু নিয়োজিত বিষয়াসকলৰ মাজত এতিয়া আনন্দৰ জোৱাৰ উঠিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনত ৩২ টাকৈ পোহনীয়া হাতী থকাৰ বিপৰীতে আছে ৭ টা বন্য হস্তী। সদ্যোজাত হাতীৰ পোৱালিটোক নিৰীক্ষণ কৰিছে উদ্যানখনৰ বন বিভাগে। 

যিসময়ত ৰাজ্যৰ বিভিন্ন অঞ্চলত হাতী-মানুহৰ সংঘাতে সাধাৰণ ৰাইজৰ নিদ্ৰা হৰণ কৰিছে, তেনে সময়তে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত নতুনকৈ জন্মলাভ কৰা হাতীৰ পোৱালিটোৱে উদ্যানখনলৈ এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।