newsnextone.com | ওদালগুৰিঃ অসমৰ আধাৰ কাৰ্ডৰ কাম বন্ধ কৰি ৰখা হৈছে যদিও এটি চক্ৰই ধন ঘটাৰ স্বাৰ্থতে গোপনে অসমৰ গ্ৰাম্য এলেকাত কাৰ্যালয় পাতি বহিঃৰাজ্যত আধাৰকাৰ্ড বনাই বৃহৎ ব্যৱসায় গঢ়ি তোলাৰ অভিযোগ উত্থাপন হৈ আহিছে৷
তাৰ মাজতে ওদালগুৰি আৰক্ষীৰ অভিযানত জালত পৰিল অসমত অবৈধভাৱে আধাৰকাৰ্ড বনাই ধন ঘটা এটা চক্ৰ। দেশৰ জনসাধাৰণৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক কৰাৰ সময়তে এটি চক্ৰই বহিঃৰাজ্যৰ পৰা অসমলৈ আহি আধাৰকাৰ্ডৰ নামত ৰাইজৰ পৰা ধন আদায় কৰাৰ ঘটনা পোহৰলৈ আহিছে।