গুৱাহাটীঃ টিউনিছিয়াৰ এজন চফল ডেকা। দিনে ১৮ ঘণ্টাকৈ কম্পিউটাৰৰ সমুখত বহি ব্যস্ত হৈ পৰিছিল এটা ফেচবুক পেজক লৈ। তাৰ পৰাই আৰম্ভ হৈছিল এক বিপ্লৱৰ। গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবীত লাখ লাখ যুৱক-যুৱতী ওলাই আহিছিল ৰাজপথলৈ। একনায়কত্বাদী চৰকাৰে ফেচবুক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি হাজাৰ হাজাৰ ফেচবুক একাউণ্টৰ পাছৱৰ্ড হস্তগত কৰিও বন্ধ কৰিব পৰা নাছিল বিপ্লৱৰ অগনি।
ফেচবুকৰ জৰিয়তে আৰম্ভ হোৱা টিউনিছিয়াৰ বসন্ত বিপ্লৱৰ পিছৰখিনি এতিয়া সফল ইতিহাস। টিউনিছিয়াৰ দৰেই এতিয়া নিজৰ বিদ্ৰোহ আগুৱাই নিবলৈ ছ’চিয়েল মিডিয়াৰ শৰণাপন্ন হৈছে নেকি আলফা স্বাধীন? বিদ্ৰোহী সংগঠনটোৰ শেহতীয়া কাম-কাজে তেনে এক ইংগিতেই বহন কৰিছে।