newsnextone.com | গুৱাহাটীঃ বৃহস্পতিবাৰে তিনিচুকীয়াত আলফা স্বাধীনৰ ৬ কেডাৰে আত্মসমৰ্পণ কৰাৰ এদিন পিছতে কেডাৰসকল আলফাৰ নাছিল বুলি কয় আলফা স্বাধীনে৷ আলফাৰ নামত অসম-অৰুণাচল সীমান্তত ধন দাবী কৰা যুৱক আখ্যা দিয়ে আলফা স্বাধীনে৷ ইমানে নহয় আৰক্ষীৰ তত্বাৱধানত ৬ কেডাৰক থকা বুলি দাবী কৰি আৰক্ষীৰ তত্বাৱধানতে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত ধন দাবী কৰি আলফাক হেয় প্ৰতিপন্ন কৰিছিল বুলি কয় আলফাই৷   

শুকুৰবাৰে আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি যোগে আত্মসমাৰ্পণ কৰি সদস্য কেইজন অসম আৰক্ষীৰ তত্বাৱধানত আছিল আৰু আৰক্ষীৰ তত্বাৱধানতে থাকি তিনিচুকীয়াৰ জিলা আৰক্ষীৰ সহযোগ আৰু নিৰ্দেশত জিলাখনৰ বিভিন্ন স্থানৰ তথা তথাকথিত অৰুণাচলৰ নামচাই, লোহিত, ডিবাং আৰু চাংলাঙৰ বিভিন্ন অঞ্চলত খিলঞ্জীয়া মানুহক ধনদাবী কৰি অহা বুলি দাবী কৰে৷ পৰিকল্পিত ভাৱে আলফাক জনমানসত হেয় প্ৰতিপন্ন কৰা কাৰ্যত ৬ সদস্য লিপ্ত আছিল বুলি কৈ যাৰ বাবে আমি বিভিন্ন সময়ত সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰি থলগিৰি ৰাইজক এই তথ্য পৰোক্ষভাৱে অৱগত কৰাই নহয়, ভুক্তভোগীক আমাৰ সৈতে যোগাযোগৰ ঠিকনাও দিয়া হৈছিল বুলি কয় আলফা স্বাধীনে৷ 

শেহতীয়া তথাকথিত আত্মসমৰ্পণৰ নাটকে আমাৰ সংগঠনক ক্ষতি কৰাৰ সলনি উপকৃতহে কৰিলে বুলি কৈ আমাৰ দাবীৰ সত্যতা প্ৰমাণিত হোৱা বুলি কয়৷
আৰক্ষীয়ে সংবাদমেল অনুষ্ঠিত কৰা কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা কাৰ্যৰ অগতানুগতিক আখ্যা দিয়ে৷ শেহতীয়াকৈ সংযুক্ত মুক্তি বাহিনী, অসম স্বাধীনৰ সাংগঠনিক-সামৰিক কাৰ্যকলাপৰ সফলতাত অসম আৰক্ষী উদ্বিগ্ন বুলি কয়৷ তদুপৰি অতি সাম্প্ৰতিক সামাজিক যোগাযোগ মাধ্যমৰ জৰিয়তে সাৰ্বভৌম স্বাধীন অসমৰ প্ৰতি নতুন প্ৰজন্মৰ মুকলি সমৰ্থন ব্যাপক ৰূপত বৃদ্ধি পোৱাত সমগ্ৰ পৰিৱেশ অন্যফালে ঢাল খোৱাই নতুন প্ৰজন্মক নিৰুৎসাহিত কৰিবৰ অৰ্থে আত্মসমৰ্পণক সঠিক বুলি অসম আৰক্ষীয়ে বিবেচনা কৰিলে বুলি অসম আৰক্ষীক সমালোচনা কৰিম৷

সংগঠনৰ নেতৃত্বকো ব্যৰ্থ বুলি সমালোচনা কৰিলে, হাস্যকৰভাৱে বিভাজনৰ প্ৰসংগও উনুকিয়াই বুলি ইংগিত দি অসম আৰক্ষীয়ে পাহৰি নোযোৱা ভাল হ’ব যে অসমৰ থলগিৰি ৰাইজ বাৰুকৈয়ে জ্ঞাত শত্ৰুৱে যেতি কটূ সমালোচনা কৰিব তেতিয়া বুজিব লাগিব প্ৰগতি হৈছে, যেতিয়া মিঠা প্ৰশংসা কৰিব তেতিয়া বুজিব লাগিব সকলো সঠিকভাৱে আগবঢ়া নায়ই বুলি কয় বিবৃতি যোগে৷ 

থলগিৰি ৰাইজ ২৮ বছৰীয়া সামৰিক শাসনৰ যন্ত্ৰণাৰে অভিজ্ঞতাপুষ্ট৷ এইখিনিতে আমি থলগিৰি ৰাইজৰ জ্ঞাতাৰ্থে ইয়াকো জনাব বিচাৰো যে কেৱল এই ৬ গৰাকীয়ে নহয় অসম আৰক্ষীৰ তত্বাৱধানত আৰু ৫ গৰাকী জমা আছে৷ উপযুক্ত বুলি বিবেচিত থলগিৰি ৰাইজক নিৰুৎসাহিত কৰিবলৈ অসম আৰক্ষীয়ে এই সকলকো সংবাদ মাধ্যমৰ সন্মুখলৈ আনিব৷

উল্লেখ্য যে, বৃহস্পতিবাৰে সত্যজিত মৰাণ ওৰফে মানৱ অসম, যীচু দলে ওৰফে চিয়াং অসম, ৰিতুৰাজ মৰাণ ওৰফে দুৰ্লভ অসম, প্ৰণৱ গগৈ ওৰফে শুক্লং অসম, অপূৰ্ণ মৰাণ ওৰফে মৃদু অসম আৰু অভিজিত অসম ওৰফে অনুজ অসমে আলফা স্বাধীনৰ শীৰ্ষ বিষয়াৰ সৈতে মনোমানিল্য হোৱাৰ বাবে আত্মসমৰ্পণ কৰিছিল বুলি উল্লেখ কৰিছিল। ৬ সদস্যই আত্মসমৰ্পণৰ সময়ত গ্ৰেনেড, ৩০১ জাঁই সজীৱ গুলী, এমকিউ-৮১ ৰাইফল, এইচকিউ-৩৩ ৰাইফল, একে-৫৬ ৰাইফল, ৮টা মেগজিন আৰু বিস্ফোৰক জমা দিয়ে।