Home ভাইৰেলআলফাই মুকলি কৰি দিলে অপহৃত অপূৰ্ব কাকতিক

আলফাই মুকলি কৰি দিলে অপহৃত অপূৰ্ব কাকতিক

by News Desk
A+A-
Reset
lido

লিডুঃ গভীৰ উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত ৯ দিনৰ পাছত আজি আলফা স্বাধীনে মুকলি কৰি দিলে জাগুনৰ দহ মাইলস্থিত বিজয় বৰাৰ মালিকনাধীন শিল ভঙা উদ্যোগটোৰ পৰা অপহৰন কৰি নিয়া ডিগবৈৰ অপূৰ্ব কাকতিক৷ 
অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত আলফা স্বাধীনৰ ৫/৬ জনীয়া এটা অস্ত্ৰ-ধাৰী দলে যোৱা ১৯ নৱেম্বৰৰ নিশা জাগুনৰ দহ মাইলস্থিত বিজয় বৰাৰ মালিকনাধীন শিল ভঙা উদ্যোগটোৰ পৰা তেওঁৰ মহৰি হিচাৱে কৰ্মৰত অৱস্থাত থকা ডিগবৈৰ অপূৰ্ব কাকতিক অপহৰণ কৰি নিয়াৰ পাছত আজি প্ৰায় ৯ দিনৰ অন্তত ভাৰত ম্যানমাৰ সীমান্তৱৰ্তী নাংপুঙৰ গভীৰ অৰন্যৰ লংকা বস্তি নামৰ ঠাইত আলফা স্বাধীনে অপূৰ্বক মুকলি কৰি দিয়াৰ পাছতে স্বস্তিৰ নিশ্বাস এৰে পৰিয়াল তথা আৰক্ষী  প্ৰশাসনে৷ উল্লেখযোগ্য যে বিগত ১৯ নৱেম্বৰৰ পৰা আলফাৰ ম্যানমাৰৰ শিৱিৰতে পণবন্দী কৰি ৰাখিছিল অপূৰ্ব কাকতিক ৷ 

সুস্থ শৰীৰে অপূৰ্ব কাকতিক মুকলি কৰি দিয়াৰ পাছত এতিয়া আৱেগত ভাঙি পৰিছে পৰিয়ালৰ লোকসকল ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0