নলবাৰীঃ আজিৰ পৰা  নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত প্ৰয়াস গৰ্ডন এলুমণি এচোচিয়েচন আৰু চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৌজন্যত প্ৰথম বাৰ্ষিক আন্তঃ উচ্চতৰ মাধ্যমিক প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতা খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়।

উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই। তেওঁ উদ্বোধনী ভাষণত কয় যে খেলে স্বাস্থ্য সুন্দৰ কৰি ৰাখে। গতিকে যুৱ, ছাত্ৰ সমাজে ইয়াৰ  ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। সম্পাদক পাৰ্থ প্ৰতীম লহকৰে আতঁ ধৰা অনুষ্ঠানত গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিগন্ত শৰ্মা সহ কেইবাগৰাকী ক্ৰীড়াবিদ উপস্থিত থাকে।

আজিৰ উদ্বোধনী খেলখন গৰ্ডন উচ্চতৰ মাধ্যমিক আৰু দেৱীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাজত অনুষ্ঠিত হয়৷