newsnextone.com | গুৱাহাটীঃ অসমীয়া জাতিৰ আবেগ, স্বাভিমানে বহু পলমকৈ হলেও স্বীকৃতি লাভ কৰিব বুলি ভবা হৈছিল যদিও আশা কৰা ধৰণে ফলাফল নাপালে অসমীয়াই৷ অসমীয়া লিপিয়ে বহু বিতৰ্ক আৰু চৰ্চাৰ অন্তত বহু পলমকৈ হলেও ইউনিক’ডত অসমীয়া লিপি হিচাপে স্বীকৃতি লাভ কৰিব বুলি আশা কৰা হৈছিল৷ শুকুৰবাৰে অসমীয়াই অধীৰ আগ্ৰহেৰে লণ্ডনৰ পৰা সেই ভাল খবৰটো আহিব বুলি আশাৰে বাট চাই আছিল যদিও আশা কৰা মতে ফলাফল নাহিল৷
কিন্তু তাৰ মাজতে কেইটামান ভাল খবৰ আহিছে অসমীয়াৰ বাবে৷ এতিয়াৰ পৰাই সকলো অসমীয়া বৰ্ণই অন্তৰ্ভুক্ত হ’ব ইউনিকোডত। অসমীয়া বৰ্ণ থকা বেংগলী লিপি সমূহ সলনি কৰি অসমীয়া লিপি ব্যৱহাৰ কৰা হ’ব৷ নতুনকৈ নামকৰণ কৰি বেংগলী আসামিচ হিচাপে কোড চাৰ্ট কৰা হয়৷ ইউনিক’ডত নথকা অসমীয়া বৰ্ণসমূহৰ বাবে নতুনকৈ কোড দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰে ইণ্টাৰনেচনেল অৰ্গেনাইজেচন ফৰ ষ্টেণ্ডাৰাইজেচনৰ বিশেষ বৈঠকত৷